Pages

Saturday, 24 March 2018

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

আমাৰ চাৰিওকাষৰ বস্তুবোৰ
                                           আমাৰ চাৰিওফালে বিভিন্ন আকাৰ,ৰূপ আৰু গঠনৰ অসংখ্য বস্তু দেখিব পোৱা যায় , এই সকলোবোৰ হৈছে পদাৰ্থ।
      যিবোৰ বস্তুৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বোলে।যেনে পানী,বায়ু,ঘৰ , মাটি, জীৱ জন্তু ,মানুহ ইত্যাদি ।
                                              যিবোৰ বস্তুৰ ভৰ আৰু আয়তন নাই সেইবোৰ পদাৰ্থ নহয় । যেনে মৰম , সুগন্ধী, অনুভৱ, ভোক, প্ৰেম ইত্যাদি ।






পদাৰ্থৰ ভৌতিক গুণ
   1. পদাৰ্থ বোৰ কণিকাৰে গঠিত ।
   2. পদাৰ্থৰ কণিকাবোৰ অতি ক্ষুদ্ৰ।
পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য
   1. পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে ।
  2. পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে ।
  3. পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰে ।

পদাৰ্থৰ অৱস্থাৰ প্ৰকাৰ -
  পদাৰ্থৰ অৱস্থা তিনি প্ৰকাৰৰ । যেনে -
   1. গোটা,
  2. জুলীয়া আৰু
  3. গেছীয় ।
গোটা অৱস্থা -
      যিবোৰ বস্তুৰ নিৰ্দিষ্ট আকৃতি, আকাৰ আৰু আয়তন আছে তাকে গোটা অৱস্থা বোলে।
গোটা পদাৰ্থৰ বৈশিষ্ট্য -
    1.গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন থাকে।
    2. গোটা পদাৰ্থৰ আন্ত: আণৱিক বল সৰ্বাধিক ।
    3. ইহঁতৰ ঘনত্ব সৰ্বাধিক ।
    4. ইহঁত দৃঢ় বা সংকোচনশীলতা কম।
জুলীয়া অৱস্থা -
     যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকাৰ নাই তাক জুলীয়া অৱস্থা বুলি কোৱা হয়।
জুলীয়া অৱস্থাৰ বৈশিষ্ট্য-
  1. ইহঁতৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকাৰ নাই ।
  2. ইহঁতৰ আন্ত: আণৱিক বল গোটা পদাৰ্থতকৈ কম ।
  3. ইহঁতৰ ঘনত্ব গোটা অৱস্থাতক কম ।
  4. ইহঁত প্রবাহী কিন্তু দৃঢ় নহয় ।
গেছীয় অৱস্থা -
          যিবোৰ পদাৰ্থৰ কোনো নির্দিষ্ট আকাৰ আৰু আয়তন নাই তাকে গেছীয় অৱস্থা বোলে।
গেছীয় অৱস্থাৰ বৈশিষ্ট্য -
  1. ইহঁতৰ কোনো নির্দিষ্ট আকাৰ আৰু আয়তন নাই।
  2. ইহঁতৰ আন্ত: আণৱিক বল সকলোতকৈ কম ।
  3. ইহঁতৰ ঘনত্ব সবাতোকৈ কম ।
  4. ইহঁতৰ সংকুচিতশীলতা বেছি ।


   DOWNLOAD PDF PART 1




পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন :-

 পদাৰ্থৰ ওপৰত উষ্ণতা বা চাপৰ প্ৰয়োগ কৰি অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি , যেনে- পানী আমি গোটা(বৰফ),জুলীয়া(পানী) আৰু গেছীয়(জলীয় বাষ্প বা ভাপ) আদিত পোৱা যায়।

1) উষ্ণতাৰ তাৰতম্যৰ প্ৰভাৱ :-

    উষ্ণতা বৃদ্ধি কৰিলে কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজত গতি শক্তি বাঢ়ে, ফলত কণিকাবোৰৰ অধিক গতিত কম্পন কৰে । প্ৰয়োগ কৰা তাপ শক্তিয়ে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰিলে ইহঁতে নিজ স্থান ত্যাগ কৰে আৰু মুক্তভাবে গতি কৰে আৰু শেষত কঠিন পদাৰ্থ গলি গৈ জুলীয়া হয়।

   এক বায়ুমণ্ডলীয় চাপত, যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া হয়, সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে।

এক বায়ুমণ্ডলীয় চাপত আৰু গলনাংক উষ্ণতাত এক কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ  লীনতাপ বোলে ।
বৰফৰ গলনাংক 273.16 K ।

গলি যোৱা প্রক্ৰিয়াক অৰ্থাৎ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বুলি কোৱা হয়।

বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে তাৰ উতলাংক বোলে ।
পানীৰ উতলাংক 373 K ।
তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্রক্ৰিয়াক উৰ্ধপাতন বোলে ।

2)চাপৰ তাৰতম্যৰ প্ৰভাৱ :-

 চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জুলীয়া কৰিব পাৰি ।

উচ্চ চাপত কাৰ্বন-ডাই-অক্সাইডক গোটা অৱস্থাত পোৱা যায় । গোটা কাৰ্বন-ডাই-অক্সাইডৰ চাপ কমাই এক বায়ুমণ্ডলীয় চাপত আনিলে ই জুলীয়া নোহোৱাকৈ পোনে পোনে গেছীয় হয়, সেয়েহে কাৰ্বন-ডাই-অক্সাইডক শুকান বৰফ বোলে ।

6 comments:

  1. অতি সুন্দৰ

    ReplyDelete
  2. Thank you so much for your support of the most important thing is the way I don't think you can see you so very good👍👍 day

    ReplyDelete
  3. গোটেই অনুশীলনী দিব পাৰিলে?

    ReplyDelete